প্ৰেমিক চৰাই

: প্ৰেমিক চৰাইঃ
    🖊ধনটি শইকীয়া

মই প্ৰেমি ক চৰাই
উৰি যাৱৰ মন
তোমাৰ জীপাল পথাৰত পৰি
চিক মিক ৰ'দালীয়ে
মিচিকিয়াই  থকা ৰঙা দুগালত মৰমে ৰে  হাত বুলাৱৰ মন।

তোমাৰ মৰম সনা মাতত
বসন্তৰ কুলীটিয়ে যেন
সুৰীয়া সুৰেৰে মাতি যাই মোক কুউ কুউ বুলি।
কৈ যাই কুমলীয়া অন্তৰত মৰম সানি উন্মনা নকৰিবা ।
মইও যে বসন্তৰ পৰশ পাই উতলা।
মই প্ৰেমিক চৰাই উৰি যাব বিছাৰো
মৰম বিছাৰি ।
প্ৰেমৰ ঠিকনা বিছাৰিঃ
    
      🖊ধনটি শইকীয়া

মৰম তুমি দিবানে
     নে নিদিয়া …
তোমাৰ মৰমতে
বলীয়া হাতীৰ দৰে
ইফাল সিফাল কৰি ফুৰিছো
বিছাৰি নাপাও  প্ৰেমৰ
ঠিকনা ………
মোৰ মন বৰ উন্মনা।

পগলাৰ দৰে বিছাৰি ফুৰো প্ৰেমৰ ঠিকনা
মনৰ লুইত খনি শুকাই গ'ল…
আকৌ বৰষা অহা লৈ
আপেক্ষিত মই
বিছাৰি পামনে হেৰাই যোৱা মৰমৰ সুঁতি…
বিছাৰি পামনে প্ৰেমৰ ঠিকনা …
কোৱানা এবাৰ কোৱানা
তুমি আহিবা কেতিয়া।
: ✍মই নহয় শিল্পীঃ
     🖊ধনটি শইকীয়া

এমুঠি গজালৰ প্ৰয়োজন হৈছে
এখন বেঞ্চ তৈয়াৰ কৰিৱলৈ।
য'ত বহিব শিল্পীৰ কাণ্ডাৰী…
লাগিব এটি সাহিত্যৰ হাতুৰী…
দিবনে কোনোৱাই
এমুঠি পোহৰ ছটিয়াই
সেই পোহৰত সৃষ্টি কৰিম
কল্পিত শিল্পৰ ভাণ্ডাৰ।

আসন হ'ব জ্ঞান
আগ ধৰিব কলমে
শলাগ ল'ব শিল্পী সমাজে…
লক্ষ্য হ'ব অনুভবৰ বিকাশ…
মন্তব্য হ'ব  সুন্দৰৰ …
দৰ্শকে মাৰিব হাত তালি
তাৰেই চাপৰত সৃষ্টি হ'ব
শিল্পী।

জনতাৰ চিঞৰ শুনি প্ৰকাশিব বৃষ্টি
অংকুৰিত হ'ব জ্ঞানৰ গজালি
মই নহয় শিল্পী মোক প্ৰয়োজন এমুঠি গজালৰ
এটা হাতুৰীৰ।।
[3/3, 3:54 PM] Dhanti Saikia: প্ৰেমৰ ৰাগিনী
🖊ধনটি শইকীয়া

প্ৰেমৰ এটি ৰাগিনী হৈ
তোমাৰ অনুভৱৰ লগত মিলি যাব মন যাই…
মন যাই তোমাৰ চকুত চকু থৈ আকাশ চুৱৰ…
তোমাৰ হৃদয়ৰ এটি কোনত
এখনি আকাশী যান সজাই উৰি যাৱৰ মন
যাই …
দুয়ো মুক্ত বতাহৰ লগত মিলি যাম
চুই চাম ধুলিকণা বোৰ
নীলিম ৰাশিত আঁকি যাম
প্ৰেমৰ পেৰদী চবি বোৰ।

তুমি পক্ষী হৈ উৰিলে বহুত ভাল লাগিব
দেউকাৰ ভাজে ভাজে মৰম বোৰ যাছিৱলৈ
তোমাৰ সুললিত কণ্ঠত নাচিব মন
মাজনিশা সাৰ পাব প্ৰেয়সী
সাৰ পাই গাৰুটো সাৱটি প্ৰেমিকলৈ মনত পেলাব ।
চকুৰ পতাত জোনাকীয়ে নাচিব
জুলুঙাৰে এটি ৰেঙনি আহিব ।
তাটেই মিলি যাম দুয়ো
কিমান যে ভাল লাগিব ।
আহিবানে তুমি মোৰ অনুভৱৰ দলিছাত খোজপেলাৱলৈ।
প্ৰেমৰ এটি ৰাগিনী হৈ

: ভঙা কলিজাৰ হিয়াঃ
        🖊ধনটি শইকীয়া

এখিলা কাগজ টুকুৰা হৈ আছে
জোৰা লগাই লিখি যাওঁ
কত কবিতা…

ভাষা ভঙা ভঙা  হৃদয়ৰ ধুমুহা…

বানে গৰকি যোৱা ………চঞ্চলা নদীৰ ,,,,গৰা…

তেজৰ সোপান …নামি
বৈ যাই কলকল অবিকল………

পৃষ্ঠাবোৰ…আজি …উকা হৈ …ৰ'ল…
জীৱন তৃষ্ণাত………উটি গ'ল।

টুকুৰা বোৰ টুকুৰা হৈ …পৰি গ'ল…
ৰাস্তাৰ দাঁতিত দাজবিনত
কোনোবাই……ভৰাই …
লৈ গ'ল…………
সৌৱা ধোঁৱাবোৰ………
আকাশলৈ …উৰি গ'ল
কোনোবাই জ্বলাই দিলে…অ'…
জীৱনটো উকা হৈ ৰ'ল।
আশা বোৰ ধোঁৱা হৈ গ'ল।
তৃক্ততাৰ বুকুত ……লিপিবোৰ অংকিত হ'ল।

: ✍বলীয়া কুকুৰঃ--
       🖊ধনটি শইকীয়া
       

তই বলীয়া ,,,,,,
তই বলীয়া কুকুৰ
তোৰ
চিঞৰত সাৰ পাই উঠে
চুবুৰী…
সাৰপাই উঠে কত শিশু।

শিশুৰ কৰুন আৰ্ত্তনাদ শুনি…
শোকত ভাঙি পৰে কত
মাতৃৰ হৃদয় …
সৰি পৰে…চকুপানী
দুখুনী মাতৃৰ …মনত চাতি-ফুতি
কি হ'ল
বিনামেঘে বজ্ৰপাত !
পৰ্দাৰ আঁৰৰ ৰহস্য বিছাৰি
মন নপৰে শাঁত।

তোৰ ভূক-ভূকনিত
কঁপি উঠে কত জনৰ হিয়া…
কামুৰি কামুৰি তেজ পি
তেজৰ চেঁকুৰা দাঁতত নল'গা লৈকে
মনৰ হেঁপাহ নপলায়।
দুবৰ্লীৰ ওপৰত তোৰ এনে বৰ্বৰ অত্যাচাৰ কিয়?

তই ভয়াতুৰ…

যি বুকু ডাঠ কৰি চকু ৰঙা কৰি
চোঁচা মাৰি যাই তেতিয়া তই ভিৰাই মাৰ লৰ…।

দুৰ্বলীৰ তেজ শোষন কৰি কত জনক
হত্যা কৰি কত জনৰ জীৱনৰ ৰঙ কাঢ়িছ…
কিয় ………

তোৰ বাৱে
চোৱা পাতনিয়েই
যথেষ্ট…
ভোজৰ পাত যেতিয়া
পেলাই…চোৱা পাতনিত
তেতিয়াও তঁহতৰ চিঞৰ
নিজৰ মাজতেই আনটোক কামুৰিব
বিছাৰ…
তহঁতৰ আক্ৰোশ আৰু
দমন নীতি কেতিয়া শেষ হ'ব …
শেষ হ'ব কেতিয়া তহঁতৰ ৰাওছি যোৱা
চিঞৰ।

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…