অভিমান কিয় কৰা

✍অভিমান কিয় কৰাঃ
   🖊ধনটি শইকীয়া

মনৰ কথাবোৰ বুজিবওচেষ্টা  নকৰা
জানিব ও নিবিচাৰা ।
     তেন্তে
কিয় অভিমান কৰা তুমি ।

ভালপাওঁ বাৱেই নেকি?
    নে
তুমি আন কাৰোবাক হৃদয় খন সঁপি দিছা।

মোৰ বাৱে তুমি আমনি পাইছা নেকি?

  সেইবাৱে অভিমান কৰা নাইতো।

তুমি সাগৰ হ'লে মই আকাশ
প্ৰতিপল জিলিকি থাকিব নীলা।
তাত কিহৰ আপত্তি তোমাৰ।

তুমি অভিমান কৰি
আবেলি ৰঙ বোৰ কাঢ়ি নি জোনাক সিঁচিব বিছাৰিছা নেকি?

তুমি কৈ দিয়া যে মই ৰাতিৰ   জোনাক বিছাৰো সুৰ্য্যৰ পোহৰ নহয় ।

নিশ্চয় তুমি যি বিছাৰা
তাকেই কৰা ।
কিন্তু অভিমান কৰি আতৰি নাযাবা।

Comments

Post a Comment

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…