মোৰ হাতৰ আঙুলিবোৰৰ বাৰু কি হৈছে
মোৰ হাতৰ আঙুলিবোৰৰ বাৰু কি হৈছে…কিয়,
বাৰে বাৰে এখিলা কাগজৰ বুকুত নিহিত হৱ খোজে আজি…
আগতে এনেকুৱাটো কাহানিও হোৱা নাছিল,
এসময়ৰ মৃত প্ৰায় নদী খন হঠাৎ আজি আকৌ যৌৱন প্ৰাপ্ত হৱ ধৰিছে…
নাজানো কিয়…?
আঙুলিবোৰে আজি নিঃশব্দে এখিলা উকা কাগজত কেৱল নিহিত হৈছে…… লিখিছে অবিৰত ভাৱে তাৰ অপ্ৰকাশ্য জীৱন যুজৰ বেদনা…সত্য অপ্ৰিয় যদিও প্ৰকাশ কৰিৱ খোজে সেই উকা কাগজত ।
জনম জনমৰ প্ৰতিশ্ৰুতিৰে কাগজ খিলাত নিহিত কৰিৱ আজি সকলো আৱেগ অনুভুতি…।
শৰতৰ শেৱালীৰ নিদাৰুণ অাত্মহত্যাৰ কথা যিদৰে নাজানে কোনেও,থিক সেইদৰে তাৰ নিদাৰূণ কাহিনীও গোপনীয় হৈ ৰওক ! সেয়ে হয়টো কাগজ খিলাত নিহিত হৈছে আজি আঙুলিবোৰ ।
শেৱালীৰ সুৱাস কি যে
আচৰিত !
ইয়াৰ সুৱাস নিশাৰ এন্ধাৰতহে পায়…
শৰতৰ বাবে শেৱালী একালৰ লগৰী ।
প্ৰতিশ্ৰুতিবোৰ জাহ গ'লেও কাগজ খিলাত আবদ্ধ থাকিৱ সেইবোৰ,
কেৱল তাতে কৰ্তব্য শেষ হোৱাৰ কথা নাছিল।
কাৰোটো জন্মগত প্ৰেয়সী নাথাকে, কাহানিও নদীৰ পানী উলোতা হৈ নাযায়।
বুকুৰ মাজৰ নিদাৰুন বেদনাবোৰ কবলৈও যে মোৰ প্ৰেয়সীওঁ নাই!
অসমাপ্ত এটি কাহিনী পাৰিৱ জানো দুটি আঙুলিয়ে লিখি শেষ কৰিৱ।
অলপ চিঞাহীৰে ইতি পেলাৱ পাৰিব নে…
মোৰ সেই সেউজীয়া সপোনবোৰৰ প্ৰতিশ্ৰুতি। জীৱনৰ কাইটীয়া পথটি বহুদূৰ অতিক্ৰমি পাওঁ উতপ্ত মৰুৰ মৰীচিকা!
বাসনা মাথো মৰুৰ মৰীচিকা ভেদি পাওঁ যেন এজাক শান্তিপ্ৰিয়া মলয়া বতাহ,
জীবনত বাজি উঠক সুখৰ সুমধুৰ ৰাগিনী…!! ✍🏻প্ৰাঞ্জল কুমাৰ শৰ্মা।
Comments
Post a Comment