উজাগৰী ৰাতি
উজাগৰী ৰাতি
"""""""'"''''''"""
! ! !
উজাগৰী ৰাতি
সপোন দেখিছোঁ
মই
আলফুলীয়া
তোমাৰ মুখৰ
শইচ-শোনালী
হাহি
অযুত তৰাৰ
ঘুমতি ভাঙি
যেন সুৰজ
আহিছে নামি!
ৰাতিপুৱা
গছে বনে
পাহাৰৰ সিখৰে
সিখৰে
বকুল ফুলৰ দৰে
গুৰি গুৰিকৈ
বৰফ পৰিছিল
এটা চৰাইৰ
মাতত বসন্ত
অহা হলে
তাৰ ডেউকাৰে
কুৱঁলীবোৰ আতৰাব
পৰা হলে....
! ! !
✍🏻 চুম দত্ত
Comments
Post a Comment