মানুহ বিলাক কিয় মানুহ হব পৰা নাই
মানুহ বিলাক কিয় মানুহ হব পৰা নাই
ধন টকা পইচা লা বিলাসত থকা বিলাকো মানুহ
এসাজ খাই এসাজ লঘোণে থকা বিলাক ও মানুহ..
কিয়
কিয় দুখীয়া দুখ কোনেও নোবোজে
কিয় থু থু বা বা কৰে
দুখীয়া হলেও তেওঁলোকো মানুহেই..
আজি তোমাৰ আছে কাৰণেই সুখী হৈ আছা
খাইছা সুইছা আৰামত ফুৰিছা
এবাৰো মনত নপৰে ন সেই ফুট ফাটত বহি চলচলিয়া চাৱনিয়ে কিবা এটা পোৱাৰ আশাৰে চাই ৰোৱা কণমানি কেইটালে..
সচাকৈয়ে বৰ কৰুণ দৃশ্য
কিয় বুজি নাপায় মানুহে সিহঁত ও যে মানুহেই.......
সিদিনা বিয়া এখন খাব গৈছিলো
কণমানি লৰা ছোৱালী দুটামানে বিয়া ঘৰত খেলি আছিল আৰু সৰু লৰা এটা আহি খেলিব লৈছিল হঠাতে মহিলা এগৰাকী আহি লৰাটোক টানি আজুৰি লৈ গল সেই ভদ্ৰ মহিলা গৰাকীয়ে কোৱা কথাখেনি বৰ আছৰিত আছিল সেইকেইটা কাপোৰ কানি দেখা নাই ইমান লেটেৰা কৰ পৰা যে আহি সোমালেহি..
এবাৰলৈ ভাবি নাছালেনে বাৰু সিহঁত ও যে মানুহৰ পোৱালিয়ে.
দুখীয়া হোৱা বাবেই কুকুৰ মেকুৰী নিচিনাকৈ লেই লেই চেই চেই হল..
মানুহ মানুহেই সকলো সমানেই কাৰোবাৰ আছে কাৰোবাৰ নাই
যদি আপোনাৰ আছে কাৰোবাক অকন সহায় কৰক
আপুনাৰ অকণমান সহায়ে কাৰোবাক বহু আনন্দ দিব পাৰে.....
Comments
Post a Comment