তোমাৰ প্ৰেমত
তোমাৰ প্ৰেমত
-------------------------------------------------
তোমাৰ চকুত জোনাক দেখিছিলো বাবেই
এদিন কোনেও নজনাকে তোমাৰ কাষলে গ'লো
তোমাৰ বুকুত ভালপোৱাৰ মেপ আঁকিলো
মোৰ কলিজা খনে ফুচফুচাই ক'লে-
মই হেনো তোমাৰ প্ৰেমত পৰিছো,
পাছদিনাৰ কথা,
হাতৰ টিপতে অকণমান ভালপোৱা আনিছিলো
তোমাক দিবলে,
মোৰ বুকুত তৰাফুল ফুলিছিল,
ওঁঠৰ ভালপোৱাৰ পছোৱা ৰি-ৰিয়াই বলিছিল
সেইবোৰ বাৰু মোৰ ভুল হৈছিল নেকি…???
তোমাক মোৰ মনৰ মন দাপোনত
ওপৰত আসন দিছিলো,
বিছাৰি চাঁও কিজানিবা পাঁও
কাষতে তোমাক।
আজিও ৰৈ আছো প্ৰিয়া তুমি আহিবা বুলি।
-------------------------------------------------
Comments
Post a Comment