জীৱন নিণ্ঠুৰ বুলি জানিও

জীৱন নিণ্ঠুৰ বুলি জানিও
-------------------------------------------
জীৱন বৰ নিণ্ঠুৰ বুলি  জানিও
নিঃ সংগ ঘৰটোৰ পৰা মাজে মাজে
মই ওলাই যাওঁ
ছাঁ -- পোহৰৰ মাজলৈ
আৰু দুহাত মেলি আকাশলৈ চাই
প্ৰাৰ্থনা কৰোঁ তৰা -- নক্ষত্রৰ উজ্জ্বলতাক
মোৰ মুখৰ প্ৰতিচ্ছবি
ধাৰণ কৰি
প্ৰাত্যহিকতাৰ পৰা মোক
মুক্ত কৰিবলৈ

আকাশৰ তৰা --নক্ষত্রৰ মাজত
মই দেখা পাওঁ ঈশ্বৰক
আৰু দেখা পৰম  আত্মীয় বুলি
গঢ়ি তোলো ঘনিষ্ঠতা
তেওঁৰে স'তে দীৰ্ঘদিনলৈ

কথাবোৰ কিবা পাকলগা ধৰণৰ
তথাপি নিষ্ঠুৰ জীৱনত
তেনে ঘনিষ্ঠতাৰো আছে প্ৰয়োজন
নহ'লে যে মুক্তি অসম্ভৱ
কৰ্মৰ অৱসানত  ৷

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…