। । দূৰৈত সেয়া । ।
। । দূৰৈত সেয়া । ।
দূৰৈত সেয়া কোন পোহাৰীৰ গান,
হয়তো তুমিও নাজানা
মইও নাজানো
বাচি থকা একান্ত ইচ্ছা
সেয়ে হয়তো
দুখৰ দিনতো সুখৰ সপোনৰ গান ...
টিনৰ ঘৰবোৰত মাটি চাকিৰ ধিমিক ধামাক পোহৰ
তাতে পোহাৰীৰ লৰাই চিঞৰি চিঞৰি পঢ়িছে
আমি অসমীয়া নহও দুখীয়া .........
হয়তো সিহতৰ অন্তৰত কল্লোলিত বহু অনাবৃত স্বপ্ন
অথচ
সিহঁতে নাজানে
অসমীয়াই যে পিন্ধিছে মুখা.
Comments
Post a Comment