কিয়
কিয়
-------------------------------------------
কথাবোৰ যেতিয়াস অবোধ হয়
ভাষবোৰ তেতিয়া ধূসৰ হয়
হৃদয়খনে চিৎকাৰ কৰে...
কিয় ? কিয় ? কিয় ??
পৃথিৱীখন ইমান জটিল কিয়?
আচলতে পৃথিৱীখন জটিল
নে মানুহবোৰ জটিল
অথবা মানুহৰ মন -- মগজু
চিন্তাৰ পৰিলৰবোৰ জটিল...,
আচলতে সেউজ পৃথিৱীৰ
আমি একো একোটা ৰাক্ষস
আৰু আমাৰ মন -- মগজু
চিন্ত - ভাৱনাবোৰ অনুভূতিহীন
একো একোটা জান্তৱ ৷
Comments
Post a Comment