স্মৃতি

স্মৃতি

✍🏼 আহিছিলা তুমি মোৰ জীৱনলৈ
আশাৰ জিলিকনি লৈ
আতৰি গলা মোৰ জীৱনৰ পৰা
অন্ধকাৰত বুৰাই থৈ॥
প্ৰেমৰে ভৰাই থোৱা হৃদয়খনি
বেদনাৰে ভৰাই আজি
আতৰি গলা মোৰ জীৱনৰ পৰা
সপোন আধৰুৱা কৰি ॥
কিয় বাৰু কৰিলা এনেকুৱা তুমি
নাপালো ইয়াৰ উত্তৰ বিচাৰি �;
অকলে এৰিলা এই মায়াবী পৃথিৱীত
কাৰ ওপৰত ভৰষা কৰি ॥
আজি  তুমি মোৰ ওচৰত নাই
আছে মাথোঁ তোমাৰ সপোন , তোমাৰ স্মৃতি
আজি আছে মাথোঁ মোৰ দুচকুত
অতীতৰ স্মৃতিবোৰ ভাহি ॥
তথাপি আছে মোৰ ভৰষা যে
এদিন তুমি আহিবা মোৰ ওচৰলৈ
এই মায়াবী সংসাৰৰ পৰা উদ্ধাৰ কৰিবলৈ
এদিন তুমি আহিবা , নিশ্চয় আহিবা ॥

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

ফাগুন