মোৰ কি দুখ কোৱা
মোৰ কি দুখ কোৱা
তোমাৰ উৎসুক ভাব
তোমাৰ খং
মই জানোঁ
তাতেই সানিছো
এক শামুকীয়া ৰহন
কেনেকৈ কওঁ বাৰু
ভালপাওঁ বুলি
দুহাতত শূন্যতা লৈ
তুমিয়েই কোৱা
তুমিতো জানাই
প্ৰণৱদাই কোৱাৰ দৰে
প্ৰেমতো খাদ্য নহয়
উশাহহে
আৰু উশাহ খাইতো
মানুহ জীয়াই থাকিব নোৱাৰে
হৃদয়ে জানোঁ ভেটিব পাৰিব
ৰ'দ , বৰষুণ
এই খেলৰ শহা আৰু কাছৰ দৰে
মইও কাছ হৈ থকাৰ আশাতেই আছো
তাতে যদি শহা আগবাঢ়ে
তেন্তে
মোৰ কি দুখ কোৱা......?
Comments
Post a Comment