তোমালৈ আজি মনত পৰিছে

 তোমালৈ আজি মনত পৰিছে
_______&&&__________
পূৱাতে শুই উঠি পুৰণি স্মৃতিবোৰ
মোৰ দুচকুত মেটেকাৰ দৰে ভাঁহি পৰিল,,
তোমালৈ আজি আকৌ দুগালে চকুপানী নিগৰীল,,
কিমান শুৱনি আছিল সেই দিন বোৰৰ কথা, তোমাৰ লগত কথা পাতিম বোলিকৈ শুনকালে উঠা;
কেতিয়াবা যদি পলম হয় তুমি খংতে স্কুল গুচি গৈছিলা,,
আৰু উৰে দিন মই উকা-উকা কটাই ছিলো ,,
সন্ধিয়া যেতিয়া তুমাৰ শুৱলা মাত শুনিছিলো,,
অভিমানি সুৰেৰে  তুমি গালি দিছিলা,
সচাকৈয়ে বহুত মৰম লাগিছিল তুমাক সিদিনা,,,
এতিয়া কেনে আছা বাৰু তুমি,, নিশ্চয় কুশলে আছা,
মই যানো তুমি মোক পাহৰিলায়,,
হব দিয়া কিমান দিন নো মনত থ'বা এই পাগল জনক,
ঐ তুমাৰ মেঘালী চুলিয়ে মোক এতিয়াও আমনি কৰে জানা,,
এই যে তুমি স্কুলৰ পৰা ঘৰলৈ গৈছিলা, আৰু মই পিছে-পিছে বিনা কাৰণত গৈ গৈছিলো,,
তোমাৰ মেঘালী চুলি চাব'লৈ,,
বতাহে যেতিয়া তোমাৰ চুলি-কোচাৰ লগত খেলিছিল,
তোমাৰ চকু আৰু কাণত আমনি কৰিছিল,,
মোৰ বতাহৰ ওপৰতে বহুত খং উঠিছিল,,
এদিন কৈছিলা আমাৰ মাজত কেতিয়াও কাজিয়া নহয়,,
আজিৰ সময় চোৱা তুমি ব্যস্ত নতুন সপোন খোদিত
আৰু মই তুমাৰ স্মৃতিত কবিতা লিখাত,,

Comments

Popular posts from this blog

উদাসী মন

বহাগৰ ৰঙ…

ফাগুন