যদি তোমাক কাষত পালোঁ হয়
যদি তোমাক কাষত পালোঁ হয়
চাই-চাই এ দিন পাৰ কৰিলোঁ হয়,
তোমাৰ মেঘালী চুলিত আঙুলিৰে খেলিলো হয়,
যদি কেতিয়াবা তোমাৰ শুই ওঠাত পলম হয় , মৰম চুমা আঁকি কলো হয়, ঐ জান পূৱা হল নহয়,
নোঠা নেকি, উঠা আকৌ কাম যাবলৈ পলম হব নহয়,
তুমি ঘনকৈ উঠি কলা হয় কেইটা বাজিল জান,
মোৰ টোপনি এ নাভাঙে অ,,,,,, ৰ'বা উঠিছোঁ,
মোৰ মাথাত মৰমেৰে হাত বোৱলায় বিছনা পৰা নামিব ধৰিলা হয়,
আৰু মই তোমাৰ হাত খন ধৰি টানি সাবটি কলো হয়,
কলো হয় আজি অলপ পলম হব দিয়া,
আৰু তোমি মোক কলা হয়,
ধেৎ কি কৰিছা মাইনা সাৰ পাব,
চাওঁ এৰি দিয়া চুন মই তোমালৈ ব্লেক-টি আনো,
আৰু মই এৰো নেৰো কৈ লাহেকৈ এৰিলোঁ হয়,
তোমাৰ ব্লেক-টিলৈ বাট চাই নহয়,
তোমাক আকৌ কাষত পোৱাৰ লালসাৰে,,,,
টোপনি নগলেও টোপনি জুৱাৰ ভাও জুৰিম,
তেতিয়া হে তুমি কাষত আহি কবাহি,
ঐ উঠাতোমাৰ টি ঠাণ্ডা হ'ব,
আৰো মই সাৰ পাইও একো মাত নিদো কাৰণ,
তোমাৰ সেই মৰম সনা গালি-শপনি শুনাৰ সুভাগ্য ক'ন নেহেৰাও,
এটা চকু মেলি তোমালৈ চাম,,,,,
তুমি কাপোৰ ঠিক কৰি-কৰি মোক গালি পাৰি জেতিয়া ভাগৰি পাৰিলা হয়,
মোৰ কাষত ব'হি সুধিলা হয়,
ঐ জান গা বেয়া নেকি বাৰু তোমাৰ,
কিয় উঠা নাই,
মোৰ কথাৰ একো উত্তৰ কিয় দিয়া নায়,
তেতিয়া তোমাক মই সাবটি ধৰি কলো হয়,
Love you so much জান,
উত্তৰ দিলে তুমি গালি দিয়া বন্ধ কৰি দিবা যে বাবে দিয়া নাই,
আৰু তুমি অভিমান সুৰেৰে ক'লা হয় যা এইডাল কামনা নাই অৰু😘
💔💔💔💔💔💔💔💔💔💔💔💔💔💔
(আজি পুৱাতে সাৰ পাই, তোমালৈ মনত পৰি আছিল, এই ভাবনাৰ এতিয়া কোনো মূল্য নাই তথাপিতো কৰবাত সাঁচি থৈছোঁ তোমাৰ স্মৃতিটোক মূল্যবান ধনৰ টোপোলাৰ দৰে)
✍গোবিন্দ সৎনামী
Comments
Post a Comment