তুমি গুচি যোৱাৰ বহুদিন পাৰ হল

~~*মোৰ অনুভৱৰ ডায়েৰী*~~
         🖋এম ৰইফুল হক

তুমি গুচি যোৱাৰ বহুদিন পাৰ হল..
সলনি হল তোমাৰ চেহেৰা, গছবোৰেও বহুবাৰ পাত সলালে, সলনি হল মোৰ স্বভাৱ.. কেতিয়াও তামোল নোখোৱা লৰাজন আজি চাধা, চিগাৰেট, শিখৰ আদি খোৱাত অলপো সংকোচ নকৰা হল.. কেৱল সলনি নহল মোৰ -তোমাৰ প্ৰতি থকা মৰম- .. আজিও সপোনত বাৰে বাৰে তোমাকে লগ পাও.. তোমাৰ হাহি, তোমাৰ চাৱনিয়ে আজিও মোক বলিয়া কৰে.. কিয় বাৰু এনেকুৱা হয়?

আগতে কল্পনা কৰিছিলো তোমাক সংগী কৰাৰ, সপোন ৰচিছিলো তোমাক জীৱন লগৰী কৰাৰ.. তেতিয়া তুমি আছিলা বাবেই ৰাতি ৰাতি উজাগৰী থাকি কবিতা লিখিছিলো, মাথো ৰোমান্তিক কবিতা.. কিন্তু এতিয়াতো তুমি নাই, তথাপিও উজাগৰী নিশা কটাও আগৰ দৰেই, কেৱল এতিয়া সপোন নেদেখো -তোমাক জীৱন সংগী কৰাৰ-.. এতিয়া কেৱল বিষাদৰ চকুলোৰে কবিতা লিখো যন্ত্ৰণাৰ...

মই জানো এতিয়া আৰু উজাগৰী থাকি তোমাৰ স্মৃতি ৰোমাণ্ঠন কৰি লাভ নাই.. কাৰন এতিয়া তুমি আনৰ সজ্জাসিনী... তথাপিও কিয় জানো মনে নামানে.. বাৰে বাৰে তোমাৰ ছবিয়েই ভুমুকি মাৰে, মোৰ জোৰা দিয়া হৃদয়খনিত... মাজে মাজে চকুলো বয়, হিয়াখন জ্বলি জ্বলি ছায় হয়.. কেৱল তোমাৰ স্মৃতি সুৱৰি....

তুমিতো এবাৰো নাভাবিলা, মই যে তোমাক ভাল পাইছিলো -পাগলৰ দৰে-.. তোমাৰ অবিহনে মোৰ জীৱন যে নিঠৰুৱা.. কিয় বাৰু নুবুজিলা মোৰ অবলা হৃদয়খনিক.. তুমি কেৱল নিজৰ কথা ভাবিয়ে গুছি গলা কাৰোবাক অযুত বেদনা দি.. যি বেদনাই কাঢ়িনিয়ে সপোনৰ টোপনি.. তুমি কিয় গুছি গলা জীৱনৰ আধৰুৱা প্ৰেম এৰি.. যি প্ৰেমে সৃষ্টি কৰিব নোৱাৰিলে -কোনো মধুৰ শব্দৰ মিলন.........

তোমাৰ স্মৃতিত তোমাৰ পাগল প্ৰেমিক *ৰইফুল*

Comments

Popular posts from this blog

উদাসী মন

প্ৰেম প্ৰত্যাহ্বানৰ কবিতা

বহাগৰ ৰঙ…