মই কোন?
মই … মই কোন জানিব বিচাৰা ৷ শুনা তেন্তে ৷ মই
তোমাৰ ভাল লগা কবিতাটো ,ভাললগা গানটো বুলি
ভাবিব পাৰা ৷ মইও তাৰ মাজত থাকিব বিচাৰো ৷
তোমাৰ মনত অহৰহ বাজি থাকিব বিচৰো, সুৰ হৈ ৷
বতাহজাক, কোমল ৰ'দ জাক যদিহে ভালপোৱা
তাতো মই আছো বুলিব পাৰা ৷ তুমি যদি শুধ বগলী
জাক ভালপোৱা মইও তাৰ মাজত উৰি ফুৰো ৷ যদি
আকাশ ভালপোৱা ডাৱৰ হৈ তোমাৰ খিল খিল হাহি
চাই ৰও ৷ বৰষুণ হৈ তোমাৰ বকুত থমকি ৰব বিচাৰো ৷
মাঠো তোমাৰ হবই বিচাৰো ৷ বিশ্বাস কৰা
৷তোমাৰেই অনুভুতি মই ৷ অনুভৱ মই ৷তোমাতেই
জীয়াব বিচাৰো ৷ যিকোনো মুল্যৰ বিনিময়ত
তোমাৰ দুখবোৰ ক্ৰয় কৰিবলৈ সাজু হও তাৰ
বিনিময়ত ওঠত কহুৱা কোমল হাহিটি দিব বিচাৰো।
৷তোমাৰেই অনুভুতি মই ৷ অনুভৱ মই ৷তোমাতেই
ReplyDeleteজীয়াব বিচাৰো ৷ যিকোনো মুল্যৰ বিনিময়ত
তোমাৰ দুখবোৰ ক্ৰয় কৰিবলৈ সাজু হও তাৰ
বিনিময়ত ওঠত কহুৱা কোমল হাহিটি দিব বিচাৰো।