মই কোন?

মই... মই কোন জানিব বিচাৰা? শুনা তেন্তে। মই তোমাৰ ভাল লগা কবিতাটো, ভাল লগা গানটো বুলি ভাবিব পাৰা। মইও তাৰ মাজত থাকিব বিচাৰোঁ। তোমাৰ মনত অহৰহ বাজি থাকিব বিচাৰোঁ, সুৰ হৈ।

বতাহজাক, কোমল ৰ’দজাক যদিহে ভালপোৱা, তাতো মই আছোঁ বুলিব পাৰা। তুমি যদি শুকুলা বগলীজাক ভালপোৱা, মইও তাৰ মাজত উৰি ফুৰোঁ। যদি আকাশ ভালপোৱা, ডাৱৰ হৈ তোমাৰ খিলখিল হাঁহি চাই ৰওঁ। বৰষুণ হৈ তোমাৰ বুকুত থমকি ৰ’ব বিচাৰোঁ।

মাথোঁ তোমাৰ হ’বই বিচাৰোঁ। বিশ্বাস কৰা, তোমাৰেই অনুভূতি মই। অনুভৱ মই। তোমাতেই জীয়াব বিচাৰোঁ। যিকোনো মূল্যৰ বিনিময়ত তোমাৰ দুখবোৰ ক্ৰয় কৰিবলৈ সাজু হওঁ, তাৰ বিনিময়ত ওঁঠত কঁহুৱা কোমল হাঁহিটি দিব বিচাৰোঁ।

Comments

  1. ৷তোমাৰেই অনুভুতি মই ৷ অনুভৱ মই ৷তোমাতেই
    জীয়াব বিচাৰো ৷ যিকোনো মুল্যৰ বিনিময়ত
    তোমাৰ দুখবোৰ ক্ৰয় কৰিবলৈ সাজু হও তাৰ
    বিনিময়ত ওঠত কহুৱা কোমল হাহিটি দিব বিচাৰো।

    ReplyDelete

Post a Comment